Magic Authors, বিশ্বক আমাৰ প্রয়োজন !
Magic Authors, বিশ্বক আমাৰ প্রয়োজন !

মৰমৰ  Magic Authors সকল,

আমি লেখক আৰু শিল্পীবোৰ এটা বিশেষ জনগোষ্ঠী। আমি স্ব-প্ৰণোদিত আৰু স্ব-অনুপ্ৰেৰিত কিছুমান আত্মা। লিখামেলাৰ সমগ্ৰ যাত্ৰাপথ জুৰি আমি পাই আহিছো বহু ধৰণৰ দুখকষ্ট আৰু লঘূ-লাঞ্ছনা, টিটকাৰি আৰু বহুক্ষেত্ৰত বহুবাৰ প্ৰত্যাখিত হৈছে আমাৰ লেখাবোৰ। যেতিয়া আমি আমাৰ কামবোৰৰ প্ৰশংসা বিচাৰো, মানুহবোৰে কয় তেওঁলোকৰ পঢ়ি চাবলৈ সময়ৰ অভাৱ। ১০০ টকাৰ কিছু ওপৰ মূল্যৰ এখন কিতাপ দেখাৰ লগে লগে মুখখনত তেওঁলোকে ওলোমাই লয় এখন মৰ্মাহত মুখ। কিন্তু তেওঁলোকে দ্বিতীয় বাৰৰ বাবে মুঠেও চিন্তা নকৰে এটা চিনেমাৰ টিকেটত ১০০০ টকা দিবলৈ। হয়তো নিজৰ মতত তেওঁলোক শুদ্ধ। আমিও তেওঁক চেৰাই আগবাঢ়ি যাওঁ মুখত হাঁহি এটা সানি।

সময়ে সময়ে আমি তেনে কষ্টকৰ অৱস্থা দেও দি পাৰ হৈছো আৰু ফিনিক্সৰ দৰে সাফল্যৰ সতে আবিৰ্ভূত হৈ শিল্প আৰু সাহিত্যৰ নামত আমাৰ আৱেগ অহৰহ চলাই লৈ গৈ আছো। সেয়ে, আমাক তেনে কোনো মটিভেশ্যনেল জ্ঞানৰ প্ৰয়োজন নাই;  বৰং আমিহে বাকীবোৰক হতাশাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম।

সবাতকৈ সফল আমাকহে, বিশ্বৰ প্ৰয়োজন !
 

দৃষ্টি ঘূৰাই এবাৰ চাৰিওফালে চাই লওক। সমগ্ৰ পৃথিৱী আজি স্তব্ধ হৈ গ'ল কৰোনা মহামাৰীৰ বাবে। চাৰিওফালে হতাশাৰ অনুজ্বলতা, ব্যৱসায় বাণিজ্য এটা এটাকৈ বন্ধ হৈ পৰিছে, মানুহবোৰ হৈ পৰিছে কৰ্মহীন। অভিবাসী শ্ৰমিকবোৰ কৰবাত ৰৈ যাব লগা হৈছে, প্ৰেমত থকা যুৱক যুৱতীয়ে ইজনে সিজনক দেখা কৰিব নোৱাৰা হ'ল, আনকি বিবাহ সম্পন্ন হৈছে স্কাইপ আৰু হ্বোৱাটচ্ এপৰ যোগেদি। বহু ডাঙৰ ডাঙৰ ব্যৱসায়িক গোষ্ঠীয়ে হাতৰ পৰা ব্যৱসায় হেৰুৱাইছে, হতাশাৰ অন্ধকাৰত ডুব গৈছে, প্ৰখ্যাত যশস্বীসকল আৰু ধনী ব্যক্তিয়ে আত্মহত্যাৰ পথ লৈছে; এই তালিকাখন সুদীৰ্ঘ । কিছু হতাশাবাদীয়ে এইদৰেও ভাবি ৰৈছে যে পৃথিৱীখন শেষ হবলৈ বেছি পৰ নাই ।

তাৰোপৰি, এয়াও আমি দেখিছো যে বহু শাৰিৰীকভাবে অসুস্থ বৃদ্ধসকলে অসহায়  হৈ ঘৰত পৰি ৰৈছে, চিৰৰুগীয়া সকলে মৃত্যু শয্যাত ছটফটাইছে, বিচাৰিছে অলপ হলেও আশা, ভালপোৱা আৰু মৰম। আমি সামাজিক মাধ্যম আৰু মিডিয়াত প্ৰত্যক্ষ কৰিছো অদৰ্কাৰী ৰাজনৈতিক তৰ্কবাদ, ঘৃণাৰে ভৰা বক্তব্য যিবোৰ প্ৰধানকৈ ধৰ্ম, জাত-পাত, জাতি জনগোষ্ঠীৰ ওপৰত। এতিয়া চাৰিওফালে মাথোঁ বিশৃঙ্খলতা আৰু এই লকডাউনত দুখীয়া মানুহৰ জীৱনবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

সবাতকৈ সফল আমাকহে,বিশ্বৰ প্ৰয়োজন !

আমি লেখকসকল মুক্ত আৰু উদ্যোগী, আমাৰ প্ৰিয় সঙ্কট-সন্ধান, আৰু স্পৰ্ধাক সুযোগলৈ সলনি কৰা। এই আচৰিত সুযোগটো, জীৱনত এবাৰলৈ অহা সুযোগৰ দৰে আমাৰ আগত পৰি ৰৈছেহি।

ভগবানৰ কৃপাত, মই ভাবোঁ আমি এতিয়া সঠিক সময়ত, সঠিক জেগাত উপনীত হৈছো। লেখকবোৰ এক বিশেষ জাতৰ; আমি গল্প আৰু কবিতাৰ মাধ্যমেৰে, আমাৰ শব্দবোৰেৰে যাদুৰ সৃষ্টি কৰোঁ। আমি সেই বঞ্চিত প্ৰাণীবোৰৰ মাজত ইতিবাচকতা আৰু আশা বিলাইছো। সম্পূৰ্ণ প্ৰক্ৰিয়াটোত আমি আমাৰ পৰিচয় স্থাপন কৰিব পাৰো আৰু আমাৰ উপস্থিতি অনুভূত কৰাব পাৰো। তেওঁলোকক আমি বুজাব পাৰো লেখক আৰু সৃজনশীল শিল্পীসকলৰ প্ৰকৃত মূল্য।
 

সবাতকৈ সফল আমাকহে,বিশ্বৰ প্ৰয়োজন !
 

এই বিশেষ মিছনৰ সৈতে, যিটো মহান উদ্দেশ্যেৰে গঢ়া হৈছে, আমি স্পষ্ট ৰূপত কিছুমান কাৰ্যক্ৰম লৈ আহিছো যিবোৰৰ স্পষ্ট উদ্দেশ্য আৰু লক্ষ্য আছে।

এই সম্পূৰ্ণ কাৰ্যক্ৰমণিকাজুৰি আমি আশা কৰিছো আমাৰ কামৰ দ্বাৰা আমি যাতে প্ৰসিদ্ধি লাভ কৰিব পাৰো। 

আমাৰ Whatsapp গ্ৰুপৰ সতে সংযোজিত হওকঃ  https://chat.whatsapp.com/IahMpZUqiep9myzDZlo1Nl
 

ধন্যবাদেৰে……

সপ্তৰ্থী সুৰেশ / অৱনী বুঢ়াগোহাঁই      

Original text in English translated to Assamese by Abani Buragohain